প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাত প্ৰথম ডেট অতি গুৰুত্বপূৰ্ণ। প্ৰথমবাৰৰ বাবে ইজনে সিজনৰ লগত চকুৰ সংস্পৰ্শ স্থাপন কৰাত বা প্ৰেমক আগুৱাই নিয়াত এই সময় অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত নতুনকৈ গঠিত সম্পৰ্কটোৱে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিব পাৰে।
এই সময়ত বহুতে জীৱন সংগী বাছনি কৰাত এপ আৰু অনলাইনৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে নিজৰ ব্যস্ত জীৱনত বেলেগ মনৰ কাৰোবাক বিচাৰি পোৱাৰ সুযোগ নাপায়। এই ক্ষেত্ৰত আধুনিক প্ৰজন্মই জীৱনৰ বাকী সময়খিনি সম্পূৰ্ণ অচিনাকি মানুহৰ লগত কটাবলৈ ইচ্ছুক নহয়।

স্বাভাৱিকতে অনলাইন ডেটিং এপৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বহুতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে একে মনৰ মানুহ বিচাৰি পায়।
বহুতে কেৱল জীৱনৰ সংগী বিচাৰি নাপায়, নিসংগতা দূৰ কৰিবলৈ বন্ধু-বান্ধৱো বিচাৰিবলৈ এই এপবোৰৰ ফালে মুখ কৰে। কিন্তু এই ধৰণৰ ডেটিং চাইটত কথা পতাৰ পিছত আপুনি ভাল পোৱা ব্যক্তিজনৰ সৈতে প্ৰথমবাৰৰ বাবে মুখামুখিকৈ লগ পোৱাত কিছুমান নিয়ম মানি চলিব লাগিব।
দীৰ্ঘম্যাদী সম্পৰ্ক আৰু বন্ধুত্ব বজাই ৰখাৰ ক্ষেত্ৰত প্ৰথম ডেটত কিছুমান প্ৰশ্ন কৰাটো ভাল। তেতিয়া আপুনি এটা স্পষ্ট ধাৰণা পায় যে ব্যক্তিজনে সঁচাকৈয়ে সম্পৰ্কটো আগুৱাই নিব বিচাৰে নে নাই।
প্ৰথম ডেটত আপুনি আপোনাৰ সংগীক সুধিব পৰা দহটা প্ৰশ্ন চাওঁ আহক-
তুমি ঠিক কি বিচাৰা? বন্ধুত্ব নে মৰম?
আদৰ্শ সংগীজন কেনেকুৱা হ’ব লাগে বুলি ভাবা?
নিসংগতা কেনেকৈ কটাব?
সম্পৰ্কৰ সমস্যা হ’লে পৰামৰ্শ বিচাৰি কাৰ ওচৰলৈ যাবা ?
তুমি আগতে সম্পৰ্কত আছিল নেকি? কিমান দিন চলিল সম্পৰ্কটো?
তুমি ৰোমান্টিক নে ?
মোৰ কোনটো বৈশিষ্ট্য তুমি বেছি ভাল পোৱা?
মোৰ লগত ডেটত আহিম বুলি কিয় ভাবিলা?
আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি?
আজৰি সময় কেনেকৈ কটায়?
প্ৰথম কথোপকথনত এজন ব্যক্তিৰ চৰিত্ৰ আৰু স্বভাৱ সঠিকভাৱে বুজিব পৰা নাযায়। অৱশ্যে ওপৰৰ প্ৰশ্নবোৰে আপোনাক আপোনাৰ সংগীৰ বিষয়ে বহুখিনি জ্ঞান দিব। ভৱিষ্যতে তেওঁৰ লগত আকৌ ডেট কৰিবলৈ যাব নে নাই তাৰ আভাস পাব পাৰিব!