বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল ‘সৌৰ্যবংশী’ত। বক্স অফিচত সফল হৈছিল ছবিখন। এইবাৰ ফোন ভূতৰ পাল। গুৰমীত সিঙৰ পৰিচালনাত নিৰ্মিত এই হৰৰ-কমেডীত অভিনয় কৰিছে ঈশান খট্টাৰ আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে। ৪ নৱেম্বৰত মুক্তি পাব ছবিখন।

‘শ্বীলা কী জৱানী’, ‘চিকনি চামেলি’, ‘কলা চাশমা’ আদি গীতেৰে পৰ্দাত দৃষ্টি আকৰ্ষণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তাৰ পিছতো কটুক্তি বাদ দিয়া নাই বহুতে।
তেওঁৰ হিন্দী উচ্চাৰণ, অভিনয় দক্ষতাক লৈ এতিয়াও প্ৰশ্ন উত্থাপন হৈছে। বহুতেই কয় যে বলীউডৰ এইগৰাকী অভিনেত্ৰী এতিয়াও সকলো ধৰণৰ ভূমিকাত সাৱলীল নহয়।