Daily Time Axom

এখন গাঁৱৰ নাম ল’বলৈ কিয় লাজ কৰে মানুহে, ফেচবুকত লিখিলেও ব্লক হ’ব আপুনি

0 101

যিকোনো ব্যক্তিৰ প্ৰথম পৰিচয় তেওঁৰ গাঁওখন। গাঁও অবিহনে আমাৰ কোনো পৰিচয় নাই। সাধাৰণতে ছ’চিয়েল মিডিয়াত আমি আমাৰ গাঁৱৰ নামটো অতি গৌৰৱেৰে লিখো, কিন্তু গাওঁ এখনৰ এনেকুৱা এটা নাম আছে, যিটো আমি ক’ব বা লিখিব নোৱাৰো। যদি আমি আনকি ছ’চিয়েল মিডিয়াতো লিখিবলৈ চেষ্টা কৰো তেন্তে ফেচবুকে আমাক ব্লক কৰি দিব। হয়, এইটো সঁচা। আচলতে পৃথিৱীত এনেকুৱা এখন গাঁও আছে, যাৰ নাম আমি ক’ব নোৱাৰো, লিখিবও নোৱাৰো। এতিয়া চিন্তিত হৈ পৰিছে এই গাওঁখনৰ বাসিন্দাসকল।

এই গাঁৱৰ নাম Fucke। আপোনাৰ তথ্যৰ বাবে কওঁ যে এই গাঁওখন ছুইডেনত অৱস্থিত। আচলতে Fucke গাঁৱৰ মানুহবোৰ নিজৰ গাঁৱৰ নামটোকলৈ বিচলিত হৈ পৰিছে। কাৰণ ফেচবুকত লিখিব নোৱাৰে। ছ’চিয়েল মিডিয়াৰ চেন্সৰশ্বিপত এই নামটোক গালি-গালাজ হিচাপে দেখা যায়।

Fucke গাঁৱত বসবাস কৰা গাওঁবাসীয়ে নিজৰ গাঁৱৰ নাম সলনি কৰিব বিচাৰে। ইয়াৰ বাবে গাওঁবাসীয়েও এখন আবেদন দাখিল কৰিছে। ছুইডেনৰ সাংস্কৃতিক পৰিৱেশ আইনৰ অধীনতহে এখন গাঁৱৰ নাম সলনি কৰিব পাৰি। সকলো তথ্য মনত ৰাখিহে সাংস্কৃতিক বিভাগে এই গাওঁখনৰ নাম সলনি কৰিব। ইয়াৰ গাঁওবাসীয়ে বহু বছৰ ধৰি নাম সলনি কৰিবলৈ চেষ্টা কৰি আহিছে।

ইয়াত বসবাস কৰা গাঁওবাসীৰ মতে গাঁওখন সুখী আৰু শান্তিপূৰ্ণ, কিন্তু এই নামৰ বাবেই মানুহে বহুত কষ্ট পায়।এই গাওঁখনৰ ৰাইজে বিশ্বাস কৰে যে আমি ইচ্ছা কৰিলেও আমি ছ’চিয়েল মিডিয়াত আমাৰ গাওঁখনৰ নাম লিখিব নোৱাৰো। এটা নাম ইতিহাসৰ লগত জড়িত বুলি কোৱা হয়, কিন্তু কেতিয়াবা মানুহ বিপদত পৰে। গাঁওখন সলনি কৰাৰ বাবে গাঁওবাসীয়ে অহৰহ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.