Daily Time Axom

বিজনীত আৰক্ষীৰ অভিযানত ৪০ লক্ষাধিক টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক

25

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ চিৰাং আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান।চিৰাং জিলাৰ বিজনীত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত সৰবৰাহকাৰীটো কাৱাটিকা নিবাসী ছাইদুল ইছলাম(২৪)।

আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত বিজনীৰ পুৰাণ বিজনী পথত অভিযান চলাই ধৃত ছাইদুলৰ পৰা এটা চাবোনৰ বাকচত কঢ়িয়াই অনা ১১.৯৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। AS 14E 3756 নম্বৰৰ মটৰ চাইকেল, এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৪০ লক্ষাধিক টকাৰ বুলি জানিব পৰা গৈছে।পাছত ধৃত ছাইদুল ইছলামৰ বিৰুদ্ধে বিজনী আৰক্ষীয়ে 185/22 নম্বৰত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।

Comments are closed, but trackbacks and pingbacks are open.