নিউজ ডেস্ক, ২ নৱেম্বৰঃ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ আৰম্ভ হ’ল হাতী চাফাৰী৷ এশিঙিয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিছুদিনৰ বাবে বন্ধ হৈ আছিল যদিও বৰ্তমান আগৰ দৰেই পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ পৰ্যটকৰ বাবে পুৱা ৫ বাজি ৩০ মিনিটত আনুষ্ঠানিকভাৱে হাতী চাফাৰী আৰম্ভ কৰা হয়।
কাজিৰঙাত এই সময়সত দেশ-বিদেশৰ বিভিন্ন পৰ্যটকে জীপ চাফাৰী, হাতী চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখন ফুৰাৰ উদ্দেশ্যে ভিৰ কৰে।
উল্লেখ্য যে, যোৱা ২২ ছেপ্টেম্বৰত, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সধগুৰু বাসুদেৱৰ সৈতে পৰ্যটকসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ মুকলি কৰে।
Comments are closed, but trackbacks and pingbacks are open.