নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি পৱিত্ৰ গুৰু নানক জয়ন্তী । শিখ ধৰ্মাৱলম্বী অথবা নানকপন্থী লোকসকলৰ বাবে আটাইতকৈ পৱিত্ৰ দিন হৈছে গুৰু নানক জয়ন্তী । শিখ ধৰ্মৰ ১০ জন গুৰুৰ প্ৰথমজন আৰু অন্যতম হৈছে গুৰু নানক দেৱ । গুৰু নানক দেৱৰ আৱিৰ্ভাৱ অথবা প্ৰকাশ তিথিটি সমগ্ৰ দেশতেই উদযাপন কৰা হয় গুৰু নানক জয়ন্তী ৰূপে । কাতি মাহৰ প্ৰথমটি পূৰ্ণিমা তিথিত গুৰুজনাৰ আৱিৰ্ভাৱ হোৱা বুলি বিশ্বাস ৰাখি উদযাপন কৰা হয় গুৰু নানক জয়ন্তী ।
গুৰুজনাৰ জন্ম হৈছিল ১৪৬৯ চনত বৰ্তমানৰ পাকিস্তানৰ নানকানা চাহিবত । আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী সময়ত ধৰ্মগুৰু জনাই পৱিত্ৰ বাণী বিলাই প্ৰচাৰ কৰিছিল শিখ ধৰ্মৰ ।
গুৰজনাৰ পৱিত্ৰ বাণী সমূহ ৯৭৪ টা ঘোষাৰে সমৃদ্ধ গুৰু গ্ৰন্থ চাহিবত কেন্দ্ৰীভূত হৈ আছে ।চাহিব হৈছে শিখ ধৰ্মৰ পৱিত্ৰতম ধৰ্মগ্ৰন্থ ।
Comments are closed, but trackbacks and pingbacks are open.