Daily Time Axom

‘১৫২/০ বনাম ১৭০/০’, ৰোহিতৰ পৰাজয়ৰ পিছত পাক প্ৰধানমন্ত্ৰীৰ চোকা কটুক্তি

0 49


ইংলেণ্ডৰ হাতত দহটা উইকেটত পৰাস্ত হৈ ভাৰতে টি-২০ বিশ্বকাপ ত্যাগ কৰিছে। ইয়াৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ভাৰতীয় ক্ৰিকেট দলৰ নাম নোলোৱাকৈ সমালোচনা কৰে। বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে পাকিস্তানে এক আচৰিত প্ৰত্যাৱৰ্তনৰে। সেই প্ৰেক্ষাপটতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে। যোৱা টি-২০ বিশ্বকাপত ভাৰত-পাক খেলখনত পাকিস্তানে দহটা উইকেটত জয়লাভ কৰে। পুনৰ বৃহস্পতিবাৰে ইংলেণ্ডৰ হাতত দহ উইকেটত পৰাস্ত হয় ভাৰত। এই দুটা ঘটনাৰ ওপৰত কাৰ্যতঃ নিমখ ছটিয়াইছিল শ্বাহবাজ শ্বৰীফে।

২০২১ চনত পাকিস্তানে প্ৰথমখন মেচত ভাৰতৰ মুখামুখি হৈছিল। পাক বলাৰসকলে সেই মেচত ভাৰতীয় বেটিং ধ্বংস কৰিছিল। ৰান খেদি খেদি পাকিস্তানে এটাও উইকেট হেৰুৱাব পৰা নাছিল। মহম্মদ ৰিজৱান আৰু বাবৰ আজমে ১৩টা বল বাকী নোহোৱাকৈ ১৫২ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীৰ ভাৰতে দহ উইকেটত পৰাস্ত হোৱাৰ জোকাৰণি চম্ভালিব নোৱাৰিলে। ভাৰতে চুপাৰ ১২ৰ পৰ্যায়ৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল।

এবছৰ পাৰ হৈ গ’ল যদিও ভাৰতৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। পাকিস্তানক পৰাস্ত কৰি মধুৰ প্ৰতিশোধ ল’লে ৰোহিত শৰ্মাৰ ভাৰতে। কিন্তু ছেমি ফাইনেলত পুনৰ ধৰা পৰিল নীলা পিন্ধা পুৰুষসকল। ইংলেণ্ডে ভাৰতৰ বলিং আক্রমণক চেপি ধৰি মেচখনত জয়লাভ কৰে৷ এটা উইকেট হেৰুৱাই ৪ অভাৰ বাকী থকা অৱস্থাত ইংলেণ্ডে ১৭০ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ টুইটত ভাৰতৰ এই দুখন মেচৰ কথা উল্লেখ কৰা হৈছে।

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ খবৰ পাই পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। তেওঁ লিখিছে, “দেওবাৰে দুটা দলৰ মুখামুখি হ’ব, ১৫২/০ বনাম ১৭০/০।” অৰ্থাৎ বিশ্বকাপৰ মঞ্চত ভাৰতক দহ উইকেটত পৰাস্ত কৰা দল দুটাই বিশ্বকাপৰ ফাইনেলত ইজনে সিজনৰ বিৰুদ্ধে খেলিব। কোৱা বাহুল্য যে শ্বাহবাজে ভাৰতক নাম নোলোৱাকৈ ঠাট্টা-মস্কৰা কৰিছিল।

Leave A Reply

Your email address will not be published.