Daily Time Axom

দুধনৈত শোকাৱহ দুৰ্ঘটনা ! ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত একেটা পৰিয়ালৰ ৬জন সদস্য, নিহত এজন

34

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ দুধনৈৰ ডাবেলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত একেটা পৰিয়ালৰ ৬জন সদস্য। দুৰ্ঘটনাৰ ফলত শিল্পাশ্ৰী দাস নামৰ যুৱতীগৰাকী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন ৬গৰাকীকৈ লোক। ই-ৰিক্সাৰে দুধনৈৰ ৰাস মহোৎসৱ চাবলৈ গৈ থকা সময়তে দুধনৈৰ ডাবেলিত এই অঘটন।

তীব্ৰবেগী বাহনৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ই-ৰিক্সাখন। আহত পূৰ্ণ চন্দ্ৰ দাস, বিকাশ দাস, দীপান্বিতা দাস, ললিতা ভৌমিক আৰু ই-ৰিক্সা চালক প্ৰণৱজ্যোতি ৰাভা।

Comments are closed, but trackbacks and pingbacks are open.