Daily Time Axom

এছিয়ান কিডছ ইংলিছ স্কুলত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন

0 20

অভয়াপুৰীৰ আগশাৰীৰ শিশুকেন্দ্ৰীক ইংৰাজী মাধ্যমৰ বিদ্যালয় এছিয়ান কিডছ ইংলিছ স্কুলত আজি উলহমালহেৰে শিশু দিৱস উদযাপন কৰা হয়। বন্তি প্ৰজ্বলন কৰি শিশু দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৃজনগ্ৰাম শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকন আৰু সহ পৰিদৰ্শক বিজয় কৰে ৷ চৰকাৰী নিৰ্দেশ মৰ্মে এছিয়ান কিডছ ইংলিছ স্কুলে আয়োজন কৰা আজিৰ শিশু দিৱসত চৰকাৰী খণ্ডৰ বাপুজী প্ৰাথমিক বিদ্যালয়েও অংশ গ্ৰহন কৰে ৷
শিশু দিৱসৰ লগত সংগতি ৰাখি দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন নৃত্য, গীত,কবিতা আবৃত্তি, সাজ- পাৰ প্ৰতিযোগিতা আৰু অভিভাৱকৰ মাজত ৰন্ধন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। আজি সৃজনগ্ৰাম শিক্ষাখন্ডৰ প্ৰতিখন বিদ্যালয়তে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ে একেলগ হৈ শিশু দিৱস উৎযাপন কৰে ৷

অভয়াপুৰীৰ পৰা তপন ৰাজবংশীৰ প্ৰতিবেদন।

Leave A Reply

Your email address will not be published.