Daily Time Axom

পাকিস্তানত আৰক্ষীৰ ওপৰত গুলীচালনা, ছয়জনৰ মৃত্যু

0 30

উত্তৰ-পশ্চিম পাকিস্তানত অচিনাক্ত আক্ৰমণকাৰীয়ে আৰক্ষীৰ টহলদাৰী বাহিনীত গুলীচালনা কৰাত কমেও ৬ জন লোক নিহত হয়। ডন নিউজে প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱা লক্কি মাৰৱাট জিলাত সংঘটিত হয় এই ঘটনা।

এই আক্ৰমণত আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু টহলদাৰী গাড়ীৰ চালকৰো মৃত্যু হয়।

খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী মাহমুদ খানে এই ঘটনা সন্দৰ্ভত প্ৰাদেশিক আৰক্ষী অধীক্ষকলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে। এক বিবৃতিত তেওঁ এই কাণ্ডক “অতি দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰি নিহত পৰিয়াললৈ গভীৰ ‘শোক’ ব্যক্ত কৰে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আৰক্ষীৰ ওপৰত কৰা এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, সন্ত্ৰাসবাদী পাকিস্তানৰ শত্ৰু। পাকিস্তানক সুৰক্ষিত কৰাৰ বাবে “সম্ভৱ সকলো পদক্ষেপ” গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।

খাইবাৰ পখতুনখোৱাত পুনৰ হিংসাত্মক পৰিস্থিতিৰ উত্থান ঘটিবলৈ আৰম্ভ কৰিছে। স্থানীয় বাসিন্দাসকলে প্ৰদেশখনত শান্তি ঘূৰাই অনাৰ দাবীত ইটোৰ পিছত সিটোকৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Leave A Reply

Your email address will not be published.