Daily Time Axom

আজিৰে পৰা আৰম্ভ বিশ্বকাপ ফুটবলৰ মহাৰণ

38

নিউজ ডেস্ক, ২০ নৱেম্বৰঃ কাটাৰত আজিৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ফিফা বিশ্ব কাপ ফুটবল প্ৰতিযোগিতা৷ বিশ্ব কাপ জয়ৰ বাবে বিশ্বৰ শীৰ্ষ ৩২টা দলে প্ৰতিযোগিতাখনত যুঁজ দিব৷ আজি আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজৰ মেচখনেৰে বিশ্ব কাপ আৰম্ভ হ’ব৷

আজি ভাৰতীয় সময় অনুসৰি নিশা ৯.৩০ বজাত উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে সন্ধিয়াৰ পৰা অনুষ্ঠিত হ’ব আৰম্বড়পূৰ্ণ উদ্বোধনী অনুষ্ঠান৷

বিশ্ব কাপৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব প্ৰায় ৬০ হাজাৰ আসন থকা আল বায়ত ষ্টেডিয়ামত৷ এই ষ্টেডিয়ামখন ৰাজধানী ডোহাৰ পৰা ৪০ কিল’মিটাৰ নিলগত আছে৷ উদ্বোধনী অনুষ্ঠানত দক্ষিণ কোৰিয়াৰ বেণ্ড বি টি এছে অনুষ্ঠান পৰিৱেশন কৰিব বুলি ঘোষণা কৰিছে৷

Comments are closed, but trackbacks and pingbacks are open.