আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল আমেৰিকাৰ লেখক জিন কেৰলে।
নব্বৈৰ দশকত নিউয়ৰ্কৰ এখন ষ্ট’ৰৰ ড্ৰেছিং ৰুমত জিন কেৰলক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।
কেৰলে আমেৰিকাৰ এখন কাকতৰ সম্পাদকীয় পৃষ্ঠাত নিয়মিতভাৱে লিখিছিল। শেহতীয়াকৈ কেৰলে এখন কিতাপত লিখিছে যে ১৯৯০ চনত তেতিয়াৰ উদ্যোগপতি ট্ৰাম্পে নিউয়ৰ্কৰ ডিপাৰ্টমেণ্ট ষ্ট’ৰৰ মহিলা ড্ৰেছিং ৰুমত তেওঁক ধৰ্ষণ কৰিছিল। আনহাতে, কেৰলে সম্পূৰ্ণ মিছা কথা কৈছে বুলি দাবী কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ড’নাল্ড ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে।