নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই অৱশেষত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। আৰু বিশিষ্ট অভিনেতা গৰাকীয়ে পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
কেইবা শতাধিক হিন্দী, মাৰাঠী আদি ভাষাৰ ছবিত অভিনয় কৰি দৰ্শকৰ মাজত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকী।
উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ৫ নৱেম্বৰৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল বিক্ৰম গোখলে।
Comments are closed, but trackbacks and pingbacks are open.