যোৱা ইং ২০ নবেম্বৰ ২০২২ তাৰিখে নতুন দিল্লীত শীৰ্ষ প্ৰডাকচনৰ উদ্যোগত অনুষ্ঠিত হোৱা Regal India International 2022 শীৰ্ষক প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গুৱাহাটী স্থিত Air force Gate ৰ নিৱাসী ধনেশ্বৰ নাথ আৰু পূৰ্ণিমা নাথৰ জেষ্ঠ কন্য়া বনস্মিতা নাথে । উল্লেখ্য যে উক্ত প্ৰতিযোগিতাখনত অসম উত্তৰ পূবৰ লগতে ভাৰতৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিছিল । উক্ত তীব্ৰ প্ৰতিযোগিতাৰ অন্তত অসমৰ সুযোগ্য সন্তান বনস্মিতা নাথে Regal India International 1st Runner Up ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

পিতৃ-মাতৃৰ লগতে সমগ্ৰ অসমবাসী তথা অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে । অনাগত সময়ত এনেদৰেই গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে । আমাৰ ফালৰ পৰাও অসমৰ সুযোগ্য সন্তান বনস্মিতা নাথলৈ অশেষ অভিনন্দন তথা অনাগত সময়ত এনেদৰেই অসমলৈ সুনাম কঢ়িয়াই আনিবৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
Comments are closed, but trackbacks and pingbacks are open.