বলীউডৰ অভিনেতা ছলমান খানক পুনৰবাৰ লক্ষ্য কৰি লৈছে প্ৰাক্তন প্ৰেমিকা ছমী আলীয়ে। ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে ছলমান খানক ‘মহিলা নিৰ্যাতনকাৰী’ বুলি অভিহিত কৰিছে। তেওঁ অভিনেতাজনৰ সৈতে নিজৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰি তেওঁ দাবী কৰিছিল যে ছলমান খানে তেওঁক মাৰপিট কৰি চিগাৰেটেৰে জ্বলাইছিল। ছমীয়ে ইনষ্টাগ্ৰামত এই পোষ্টটো শ্বেয়াৰ কৰিছিল, যিটো তেওঁ এতিয়া ডিলিট কৰিছে যদিও ভাইৰেল হৈ পৰিছে।