নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ এখন আজৱ বিয়াই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’।
এজন যুৱকৰে প্ৰেমত একেলগে পৰিল দুই যমজ ভগ্নী আৰু শেষত পৰিয়ালৰ সন্মতিত দুই ভগ্নীয়ে একেলগে বৰমালাও পিন্ধালে একেজন যুৱকক।
মহাৰাষ্ট্ৰৰ চোলাপুৰৰ নিৱাসী দুই যমজ ভগ্নী ৰিংকী আৰু পিংকী। মুম্বাইৰ এটা আইটি কোম্পানীত কৰ্মৰত দুই ভগ্নীয়ে শেহতীয়াকৈ একেলগে বিবাহ পাশত আৱদ্ধ হয় একেজন দৰাৰ লগত। দৰা জনৰ নাম অতুল।
ভিডিঅ’টোত দেখা গৈছে যে যুৱতী দুগৰাকীয়ে সম্পূৰ্ণ আনন্দ মনেৰে বিবাহ পাশত আৱদ্ধ হৈছে। দুয়োগৰাকী ভনীয়েকে অতুলক মালা পিন্ধাবলৈ চেষ্টা কৰি আছে। ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
Comments are closed, but trackbacks and pingbacks are open.