Daily Time Axom

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দেহত মৰিগাঁৱৰ পৰা আটক এজনক

41

নিউজ ডেস্ক,৬ ডিচেম্বৰ: ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দেহত আটক এজনক। আটকাধীন লোকজনৰ নাম আমিৰ আলী। মৰিগাঁও জিলাৰ বৰিগাঁৱৰ পৰা আটক কৰে আমিৰ আলীক।বৰিগাঁৱত শহুৰেকৰ ঘৰত আশ্ৰয় লৈ আছিল আমিৰ আলীয়ে৷ মৰিগাঁও সদৰ আৰক্ষীয়ে আটক কৰে আমিৰ আলীক৷ আমিৰ আলীৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত৷

উল্লেখ্য যে বেংকত টকা জমা কৰিবলৈ যোৱা পূৰবী ডায়েৰীৰ ডিষ্টিবিউটৰ ৰঞ্জিত বৰাক দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। হত্যা কৰি টকাৰ বেগ লৈ উধাও হৈছিল দুৰ্বৃত্তই। এই হত্যাকাণ্ড সংঘটিত হোৱা প্ৰায় ১৪ দিনৰ পাছত আৰক্ষীয়ে আটক কৰিছে এজন লোকক।

Comments are closed, but trackbacks and pingbacks are open.