Daily Time Axom

আপোনাৰ প্ৰিয় চেনেল Daily Time Axom-এ ভৰি দিব ৩য় বছৰত, ১৬ ডিচেম্বৰত বিশাল আয়োজন

205

গুৱাহাটী, ১১ ডিচেম্বৰঃ অহা ১৬ ডিচেম্বৰ(শুকুৰবাৰ)২০২২ তাৰিখে Daily Time Axom নিউজ পৰ্টেলে ২য় বৰ্ষ অতিক্ৰম কৰিব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে বৰ্ষপূতি অনুষ্ঠান আয়োজন কৰা হৈছে।

এই অনুষ্ঠানৰ শুভাৰম্ভনি বৃৃক্ষ ৰোপন কৰি কৰিব অৰণ্য মানৱ যাদৱ পায়েঙে আৰু সহযোগ কৰিব স্বৰ্ণকন্যা অৰ্জুন বঁটা প্ৰাপক ক্ৰীড়াবিদ নয়নমণি শইকীয়াই।

ইয়াৰপাছতেই বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই। উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু নিদিৰ্ষ্ট বক্তা হিচাপে ND24ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা। বক্তৃতা অনুষ্ঠানৰ বিষয় হৈছে বৰ্তমান সমাজত ডিজিটেল সংবাদ মাধ্যমৰ ভূমিকা আৰু প্ৰভাৱ।

লগতে অনুষ্ঠানত উপস্থিত থাকিব কেইবাজনো বিশিষ্ট ব্যক্তি। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ বহুকেইজন বিশিষ্ট সাংবাদিকক আদৰ- সম্ভাষণ জনাব Daily Time Axom-ৰ পৰিয়াল বৰ্গই।

ইয়াৰোপৰি সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ লগতে আচুৰ্য বৰপাত্ৰ গোঁহাই আৰু মণ্টু গোঁহাই।

Comments are closed, but trackbacks and pingbacks are open.