Daily Time Axom

সৰুপথাৰ সমষ্টিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ।

0 10

ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিটো আগন্তুক বিধানসভা নির্বাচনৰ প্ৰাক মূহুর্তত ধনশিৰি মহকুমা প্ৰশাসনৰ নিৰ্বাচনী বিভাগে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে। এই উপলক্ষে আজি ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি দিবাকৰ নাথৰ অধ্যক্ষতাত এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত ধনশিৰি মহকুমাৰ নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকাৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু ধনশিৰি মহকুমাৰ সাংবাদিক সকল উপস্থিত থাকে। বৈঠকত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে এইবাৰ সৰুপথাৰ বিধানসভা সমষ্টিটোত ভোটাৰৰ সংখ্যা হ’ল মুঠ ২,৫৩,৭২৫ গৰাকী। ইয়াৰে ১,২৯,৬২১ গৰাকী পুৰুষ ভোটাৰ আৰু ১,২৪,৪৬৩ গৰাকী মহিলা ভোটাৰ।
জানিব পৰা মতে, এইবাৰ সমষ্টিটোত ৩,৭৫২ গৰাকী নতুন ভোটাৰ সংযোগ হৈছে।

Leave A Reply

Your email address will not be published.