Daily Time Axom

উৎকোচ লোৱাৰ সময়তে ভিজিলেন্স বিভাগৰ হাতত ধৰা পৰি টকা গিলিল এজন আৰক্ষীয়ে

76

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ উৎকোচ লোৱাৰ সময়তে ভিজিলেন্স বিভাগৰ বিষয়াৰ হাতত ধৰা পৰে এজন আৰক্ষী। ধৰা পৰাৰ লগে লগে আৰক্ষী বিষয়াজনে ঘোচৰ টকাখিনি গিলিবলৈ ধৰিলে। পুলিচ বিষয়াজনে উৎকোচৰ টকাখিনি গিলি প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, হাৰিয়ানা আৰক্ষীৰ অভিযুক্ত উপ পৰিদৰ্শক মহেন্দ্ৰ উলাই শম্ভুনাথ নামৰ এজন ব্যক্তিৰ চুৰিৰ তদন্ত কৰি আছিল। অভিযোগ অনুসৰি চুৰি কাণ্ড নিষ্পত্তি কৰিবলৈ তেওঁ নগদ উৎকোচ লৈছিল। শম্ভুনাথৰ পৰা মুঠ ১০ হাজাৰ টকা দাবী কৰিছিল, তাৰ ভিতৰত তেওঁ অভিযুক্ত মহেন্দ্ৰক ৬ হাজাৰ টকা দিছিল। দীৰ্ঘদিন ধৰি মহেন্দ্ৰৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু সেইবাবেই ভিজিলেন্সৰ বিষয়াসকলে তেওঁক হাতে- লোটে ধৰিবলৈ ফান্দ পাতিলে। ভিডিঅ’টোত দেখাৰ দৰে শম্ভুনাথৰ পৰা অভিযুক্ত মহেন্দ্ৰৰ উৎকোচৰ ধন সংগ্ৰহ কৰিবলৈ তাত উপস্থিত হৈছিল ভিজিলেন্সৰ বিষয়াসকল। ধৰা পৰিল মহেন্দ্ৰ। তাৰ পিছত ঘোচৰ টকাখিনি গিলিবলৈ চেষ্টা কৰিলে। অৱশ্যে ভিজিলেন্স বিষয়াসকলে মহেন্দ্ৰক ধৰি গিলিবৰ আগতেই তেওঁৰ মুখৰ পৰা টকাখিনি উলিয়াই লৈ যায়। নিজকে বচাবলৈ মহেন্দ্ৰই ভিজিলেন্স বিষয়াৰ লগত কাজিয়াত লিপ্ত হয়। ইয়াৰ পিছতে অভিযুক্ত মহেন্দ্ৰক গ্ৰেপ্তাৰ কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.