Daily Time Axom

ভয়ংকৰ বাছ দুৰ্ঘটনা, শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ মৃত্যু

75

নিউজ ডেস্ক, ২১ ডিচেম্বৰতঃ মণিপুৰত শোকাৱহ বাছ দুৰ্ঘটনা। দুখনকৈ বাছ দুৰ্ঘটনাত পতিত হোৱাত ১৫গৰাকীকৈ ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ। মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত দুৰ্ঘটনাত পতিত ছাত্ৰী কঢ়িয়াই নিয়া বাছখন।

থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বাছখনেৰে শিক্ষামূলক ভ্ৰমণলৈ গৈছিল শিক্ষাৰ্থীসকল। খাওপুম উপত্যকালৈ শিক্ষামূলক ভ্ৰমণলৈ গৈছিল ছাত্ৰীসকল। দুৰ্ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Comments are closed, but trackbacks and pingbacks are open.