Daily Time Axom

মহানগৰবাসীৰ বাবে সুখবৰঃ মুকলি হ’ল খাৰঘূলিৰ জাইকা প্ৰকল্প

48

নিউজ ডেস্ক, ২১ ডিচেম্বৰঃ মহানগৰবাসীৰ বাবে সুখবৰ। মুকলি হ’ল খাৰঘূলিৰ জাইকা প্ৰকল্প। এতিয়াৰে পৰা নিয়মীয়াকৈ মহানগৰবাসীয়ে পাব পানী। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা আৰু বিভাগীয় মন্ত্ৰী অশোক সিংঘালে শুভাৰম্ভণি কৰিলে জাইকা প্ৰকল্পৰ পানী সংযোগৰ কাৰ্যকলাপ ।

জুলাই মাহত ৫ হাজাৰ মানুহক লৈ ট্ৰায়েল আৰম্ভ কৰিছিল জল ব’ৰ্ডে। ট্ৰায়েল শেষ হোৱাৰ পিছত পানী দিবলৈ সাজু জাইকা। আজিৰে পৰা মহানগৰীৰ কেইবাটাও প্ৰান্তত দিব পানী। সকলোকে জাইকাৰ পানীৰ বাবে আবেদন কৰিবলৈ আহ্বান উপায়ুক্ত পল্লৱ গোপাল ঝাৰ। ভাস্কৰ নগৰ, গীতা নগৰ, অম্বিকাগিৰী নগৰ, জোনালী, জু-ৰোড, নাৰিকলবাৰী অঞ্চলৰ আবেদন কৰা লোকে প্ৰথম অৱস্থাত লাভ কৰিব পানী।

Comments are closed, but trackbacks and pingbacks are open.