নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ মাজনিশা চানমাৰি থানাত কণ্ঠশিল্পী দীপলিনা ডেকা। মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত্যাচাৰ চলাই আহিছিল দীপলিনাক। ফোনতো দীপলিনাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিচাৰিছিল নাথে। শুকুৰবাৰে সন্ধিয়া দীপলিনাৰ বাসগৃহত অনধিকাৰ প্ৰৱেশ কৰিছিল নাথে।
ঘৰত প্ৰৱেশ কৰিয়ে দীপলিনাক অশ্লীল শব্দৰে গালি-গালাজ কৰাৰ অভিযোগ। কণ্ঠশিল্পীগৰাকীৰ ঘৰৰ আচবাবো ভঙাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে। উপায়ান্তৰ হৈ মাজনিশা আৰক্ষীৰ কাষ চাপিল কণ্ঠশিল্পীগৰাকী। চানমাৰি থানাত দাখিল কৰিলে এজাহাৰ। ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীৰ সোধা-পোছা অব্যাহত মৃদুল নাথক। দুবছৰ পূৰ্বে দীপলিনাক বিয়া কৰোৱা বুলিও দাবী কৰিছে লোকজনে।
দীপলিনাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে মৃদুল নাথক । চানমাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।
Comments are closed, but trackbacks and pingbacks are open.