ভাৰতীয় চিনেমাৰ বহু প্ৰত্যাশিত ছবিত যোগদান কৰিছে ববি দেৱালে।
দক্ষিণৰ অভিনেতা পৱন কল্যাণৰ ছবি ‘হৰি হৰ বীৰা মল্লু’ত মোগল সম্ৰাট ঔৰংজেবৰ চৰিত্ৰত দেখা যাব ধৰ্মেন্দ্ৰ পুত্ৰক। কৃষ্ণ জাগৰলামুদীয়ে পৰিচালনা কৰিছে ছবিখনৰ। ইয়াৰ পূৰ্বে তেওঁ ‘মণিকৰ্ণিকা’ৰ দৰে ঐতিহাসিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ছবি পৰিচালনা কৰিছে। কোৱা হৈছিল যে অভিনেত্ৰী নিধি আগৰৱালাই এই ছবিখনত অভিনয় কৰিব।
বহুদিনৰ মূৰত দৰ্শকে তেওঁক এখন ডাঙৰ বাজেটৰ ছবিত দেখা পাব তেওঁক। এক সাক্ষাৎকাৰত অভিনেতা গৰাকীয়ে কয় যে মই দক্ষিণৰ ছবিত কাম কৰিবলৈ আগ্ৰহী আছিলো। ভাল কাহিনী এটাৰ বাবে অপেক্ষা কৰি আছিলো। তদুপৰি সম্ৰাট ঔৰংজেবৰ চৰিত্ৰটোও যথেষ্ট প্ৰত্যাহ্বানমূলক।”
হায়দৰাবাদত বৃহৎ পৰিসৰত সম্ৰাটৰ দৰবাৰ নিৰ্মাণ কৰা হৈছে। দায়িত্বত আছে থোটা থাৰাণী। এই ‘ছেট’ ক’ৰ্টত পৱন কল্যাণ আৰু ববি দেৱালক একেলগে দেখা যাব ছবিখনৰ বহু দৃশ্যত। ইতিহাসৰ ৰঙীন পটভূমিৰে নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনী।