নিউজ ডেস্ক, ২৭ অক্টোবৰঃ টীয়কৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ চৌহদত সোমবাৰৰ পৰা নাহৰফুটুকী বাঘে আতংক চলাই আহিছে।বাঘটোৱে নিদ্ৰা হৰণ কৰিছে সকলোৰে।বন বিভাগৰ লোকে দিনে ৰাতিয়ে অহৰহ চেষ্টা চলাইছে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ অথবা ট্ৰনকোলাইজ কৰিবলৈ কিন্তু সক্ষম হোৱা নাছিল। নিশা প্ৰতিকূল বতৰৰ বাবে বাঘটো কৰায়ত্ত কৰিব পৰা নাছিল বন বিভাগে।
শেষত আজি বন বিভাগৰ অহৰহ প্ৰচেষ্টাৰ অন্তত সন্ত্ৰাস চলোৱা নাহৰফুটুকীটোক ট্ৰেংকোলাইজ কৰিবলৈ সক্ষম হৈছে।কাজিৰঙাৰ পৰা অহা বিশেষ দলে ট্ৰেংকোলাইজ কৰে নৰখাদক বাঘটোক।উল্লেখযোগ্য যে, ইতিমধ্য এই বাঘটোৱে বনকৰ্মীকে ধৰি ১৭ জনকৈ লোকক আক্ৰমণ কৰে। ইপিনে সোমবাৰে ঘৰফলীয়া গাৱঁত নাহৰফুটুকীয়ে সন্ত্ৰাসত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল। সেয়েহে উক্ত অঞ্চলত একাধিক নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰিছে বুলি সন্দেহ কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.