Daily Time Axom

অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন গাঁও

55

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন ৷ এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন গাঁও ৷ চুঙাজানৰ মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত মহিমা গাঁৱত নগাই চিহৌট ভেলেজ স্থাপন কৰি নতুনকৈ সংযোজন কৰিলে ভিকিট চিচি মাৰ্কেট নামেৰে এখন বজাৰ ৷

ইয়াৰ পূৰ্বেও সেই স্থানতে নগাই ফলক লগাবলৈ পকা খুটা নিৰ্মাণ কৰিছিল যদিও সীমান্ত দণ্ডাধীশে সেই কাম বন্ধ কৰি দিছিল। ধনশিৰি মহকুমা প্ৰশাসন তথা সীমান্ত দণ্ডাধীশৰ চকুৰ সন্মুখতে নগাই এনেদৰে চলাই গৈছে অসমৰ মাটিত আগ্ৰাসন ।

Comments are closed, but trackbacks and pingbacks are open.