Daily Time Axom

পেলেক শ্ৰদ্ধাঞ্জলি জনাই চেলফি মাৰি সমালোচনাৰ সন্মুখীন ফিফাৰ সভাপতি

0 52

ফুটবল সম্ৰাটৰ কফিনটো সকলোৰে দৰ্শনৰ বাবে মুকলি কৰা হৈছিল।

ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে সেই মুকলি কফিনৰ সন্মুখত চেলফি তুলিলে। তেওঁৰ চেলফিত পেলেৰ পৰিয়ালৰ কোনো নাছিল।

এই চেলফিখন লৈ তেওঁ বিতৰ্কৰ আওতালৈ আহিছে।

চেলফি তোলাৰ পাছত ফিফাৰ সভাপতিগৰাকীয়ে পেলেৰ পত্নী মাৰ্চিয়া আৰু পুত্ৰ এডিনিঅ’ক শোক প্ৰকাশ কৰে।

কিন্তু তেতিয়াও তেওঁ সমালোচনাৰ পৰা ৰেহাই পোৱা নাছিল।

পেলেৰ মুকলি কফিনৰ সন্মুখত হাঁহি থকা ইনফেন্টিনোৰ চেলফিখন বহুতে সহজভাবে লোৱা নাছিল।

স্থানীয় সাংবাদিকৰ আগত ফিফাৰ সভাপতিগৰাকীয়ে কয় যে আমি বিশ্বৰ প্ৰতিখন দেশকে নিজৰ এখন ষ্টেডিয়ামৰ নাম পেলেৰ নামেৰে নামাকৰণ কৰিবলৈ ক’ম।

Leave A Reply

Your email address will not be published.