Daily Time Axom

আৰ্তজনৰ বাবে আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ ব্যতিক্ৰমী প্ৰয়াস

0 47


“শীতৰ সেমেকাত ‘উম’ ৰ সন্ধান”ৰ শুভাৰম্ভ

হিম শীতল ঠাণ্ডাত আৰ্তজনৰ কাষত থিয় দিয়াৰ বাবে আগবাঢ়ি আহিল আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক-শিক্ষয়িত্ৰী সকল ৷ ঠাণ্ডাৰ দিনত বহু মানুহ গৰম কাপোৰৰ অভাৱ অনুভৱ কৰে ৷ এই অভাৱ পূৰণ কৰিবলৈ সৃজণগ্ৰাম শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনৰ অনুৰোধ মৰ্মে আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ড° ছিৰখাত হুছেইনৰ নেতৃত্বত আজি সমল কেন্দ্ৰটোৰ দক্ষিণ লতিবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শুভাৰম্ভ কৰা হয় “শীতৰ সেমেকাত ‘উম’ ৰ সন্ধান” শীৰ্ষক এক ব্যতিক্ৰমী পদক্ষেপৰ ৷

আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে উত্তৰ শালমাৰা মহকুমাৰ অতিৰিক্ত আয়ুক্ত দেৱাঙ্গনা আইদেউৱে ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দেৱাঙ্গনা আইদেউৱে এনে কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে ৷

আজিৰ এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত দক্ষিণ লতিবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পাঁচ গৰাকী ৰান্ধনীক একোখনকৈ কম্বল বিতৰণ কৰা হয় ৷ আজিৰ অনুষ্ঠানত সৃজণগ্ৰাম শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকন, সৰ্বাত্মক শিক্ষাৰ সমল ব্যক্তি ছফিউল ইছলাম, পাৰ্থ পাল, ৰেজাউল ইছলাম, চি আৰ চি চি অভিজিৎ বৰদলৈ, ৰাজেশ দাস, আবু শ্বামাৰ লগতে কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহ: শিক্ষক উপস্থিত থাকে ৷

“শীতৰ সেমেকাত ‘উম’ ৰ সন্ধান” শীৰ্ষক কাৰ্যসূচীৰ যোগেদি প্ৰথম পৰ্যায়ত আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত শিক্ষক-শিক্ষয়িত্ৰী সকলে নিজ নিজ বিদ্যালয়ৰ ৰান্ধনী সকলক গৰম কাপোৰ আৰু কম্বল বিতৰণ কৰিব ৷

Leave A Reply

Your email address will not be published.