Daily Time Axom

পৃথিৱীক প্ৰদক্ষিণ কৰা শেষ মহাকাশচাৰীৰ মৃত্যু

0 29

পৃথিৱীৰ প্ৰদক্ষিণ কৰা শেষ মহাকাশচাৰী এপ’ল’ ৭ৰ মৃত্যু হৈছে।

এপ’ল’ ৭ৰ শেষৰজন মহাকাশচাৰী ৱালটাৰ কানিংহামৰ মৃত্যু হৈছে। এইগৰাকী আমেৰিকান মহাকাশচাৰীৰ ৯০ বছৰ বয়সত টেক্সাছৰ হিউষ্টনত মৃত্যু হয়। মাৰ্কিন মহাকাশ সংস্থা (নাছা)ই এক বিবৃতিত কানিংহামৰ মৃত্যুৰ কথা ঘোষণা কৰে।

১৯৬৮ চনত কানিংহাম মহাকাশ অভিযানৰ অংশ আছিল।

এপ’ল’ ৭ বিমানে ১১ দিন ধৰি পৃথিৱীক প্ৰদক্ষিণ কৰিছিল। যিয়ে পিছলৈ ১৯৬৯ চনত এবছৰৰ পিছত প্ৰথমবাৰৰ বাবে মানুহক চন্দ্ৰত অৱতৰণ কৰাত সহায় কৰিছিল।
কানিংহাম আছিল নাছাৰ প্ৰথম সফল মানৱবাহী মহাকাশ অভিযান এপ’ল’ ৭ৰ শেষৰজন জীৱিত। তেওঁৰো মৃত্যু হয়। এক বিবৃতিত নাছাই ৱালটাৰ কানিংহামৰ মৃত্যুত শোক প্ৰকাশ কৰে।

নাছাৰ বিবৃতি অনুসৰি ৱালটাৰ কানিংহাম আছিল যুদ্ধ বিমানৰ পাইলট। তেওঁ এজন পদাৰ্থবিজ্ঞানী আৰু এজন উদ্যোগীও আছিল। ইয়াৰ বাহিৰেও তেওঁ আছিল সৰ্বোপৰি এজন অভিযাত্ৰী।

Leave A Reply

Your email address will not be published.