Daily Time Axom

গুৱাহাটীৰ খাৰঘুলিত নতুনকৈ নিৰ্মাণ হ’ব ৰাজ্যপালৰ বাসভৱন

37

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ গুৱাহাটীৰ খাৰঘুলিত নতুনকৈ নিৰ্মাণ হ’ব ৰাজ্যপালৰ বাসভৱন। আজি শিলান্যাস কৰা হ’ল ‘ৰাজ নিৱাস’ৰ। ৪১,৩২,৫১,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৰাজভৱনটো ভাৰতৰ ভিতৰতে হ’ব সুন্দৰ।

প্ৰায় ৯৬৩১ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰিবলগীয়া এই ৰাজনিবাসৰ আজি ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল জগদীশ মুখীয়ে।

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, ভূমি পূজনৰ জৰিয়তে আজিৰে পৰা কাম আৰম্ভ কৰা হ’ব, পূৰণি ৰাজভৱনত ভূমিস্খলন আশংকা থকাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। ৰাজ ভৱনলৈ প্ৰত্যাহ্বান আহি পৰিছিল। ১৮ মাহৰ ভিতৰত এই প্ৰকল্প সম্পন্ন কৰা হ’ব।

Comments are closed, but trackbacks and pingbacks are open.