টিকটক অনুগামীৰ সংখ্যা ৬২ হাজাৰ।
ইউটিউব চেনেলত ৯০ হাজাৰৰো অধিক চাবস্ক্ৰাইবাৰ আছে।
ফেচবুকতো লাখ লাখ লোকে ফ’ল’ কৰে। নাই এয়া কোনো হলিউডৰ বিখ্যাত অভিনেতা বা বিশ্ববিখ্যাত ফুটবলাৰ নহয়। সি হ’ল ভোলানাথৰ বাহন এটা ষাঁড গৰু। তাৰ নাম এষ্টন।
যদিও আচলতে ই এটা ষাঁড গৰু, তথাপিও ইয়াৰ আচৰণ আন পাঁচটা ষাঁড গৰুৰ দৰে নহয়। ইয়াৰ বিপৰীতে ঘোঁৰাৰ দৰেহে আচৰণ
।
এষ্টনৰ জন্ম হৈছিল ফ্ৰান্সৰ উত্তৰ দিশৰ এখন গাঁৱত। ওজন প্ৰায় ডেৰ টন। এষ্টন ডাঙৰ হৈছিল ছাবিন ৰছ নামৰ এজন ঘোঁৰাচালকৰ অধীনত। হয়তো সেইবাবেই এষ্টনে ষাঁড গৰুতকৈ ঘোঁৰাৰ দৰে আচৰণ কৰে। ছাবিনৰ স্বামী য়ানিক ক্রিষ্টোফাৰ এষ্টনৰ ছ’চিয়েল মিডিয়া মেনেজাৰ৷
এষ্টনৰ নামত খোলা একাউণ্টবোৰ তেওঁ চলায়। প্ৰায় ৯ বছৰ আগতে ছাবিনৰ এটা পোহনীয়া ঘোঁৰাৰ মৃত্যু হৈছিল। সেই ঘোঁৰাটো ২০ বছৰ ধৰি তেওঁৰ সংগী আছিল। তাৰ পাছত পুনৰ এটা ঘোঁৰা এটা বিচাৰিবলৈ ধৰিলে। উপযুক্ত ঘোঁৰা বিচাৰি নাপাই তেওঁ গৰু প্ৰজননৰ সিদ্ধান্ত ল’লে। ওচৰৰ গাঁৱৰ খেতিপথাৰৰ পৰা পোৱালি এটা কিনিলে। সেই পোৱালিটোৱেই এতিয়া এষ্টন। ষাঁড গৰু এটাই ঘোঁৰাৰ দৰে জপিয়াই দৌৰিব পাৰে। আন ঘোঁৰাৰ সৈতেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। দূৰ-দূৰণিৰ পৰা বহু মানুহ আহে এতিয়া এই ষাঁড গৰুটো চাবলৈ।