Daily Time Axom

মধ্যপ্ৰদেশৰ ৰেৱাত বিমান দুর্ঘটনা, নিহত এজন পাইলট

49

নিউজ ডেস্ক, ৬ জানুৱাৰীঃ মধ্যপ্ৰদেশৰ ৰেৱাত বিমান দুর্ঘটনা। মন্দিৰৰ চূড়াত প্ৰশিক্ষণৰ সময়ত বিমানৰ খুন্দা। ভূপালৰ পৰা ৪০০ কিলোমিটাৰ নিলগৰ ৰেৱা জিলাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত প্ৰশিক্ষক বিমানৰ পাইলটজন নিহত হয়।

বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই ঘটনা। ঘটনাত বিমানখনত থকা এজন প্ৰশিক্ষাৰ্থী পাইলট আহত হয়।

চোৰহাট্টা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে পি পেটেলে কয় যে বিমানখন প্ৰশিক্ষণ চৰ্টিত থকা অৱস্থাত এটা মন্দিৰ আৰু গছৰ গম্বুজত খুন্দা মাৰে।

এই দুৰ্ঘটনাত কেপ্টেইন বিশাল যাদৱ (৩০) নিহত হোৱাৰ লগতে প্ৰশিক্ষাৰ্থী পাইলট অংশুল যাদৱ আঘাতপ্ৰাপ্ত হয়। আহত পাইলটজনক সংকটজনক অৱস্থাত সঞ্জয় গান্ধী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ।

Comments are closed, but trackbacks and pingbacks are open.