Daily Time Axom

পত্নীয়ে বিবাহ বিচ্ছেদ বিচৰাত খঙতে ৫টা সন্তানসহ ৭ জন লোকক হত্যা কৰি নিজেও গুলীবিদ্ধহৈ মৃত্যু

0 53

পত্নীয়ে দাখিল কৰিলে বিবাহ বিচ্ছেদৰ গোচৰ। আৰু সেইবাবেই এজন ব্যক্তিয়ে খং হেৰুৱাই নিজৰ পৰিয়ালৰ ৭ জন সদস্যক হত্যা কৰিলে।

নিহতসকলৰ ভিতৰত ৫টা শিশুও আছে। তাৰপিছত গুলীচালনা কৰি আত্মহত্যা কৰে নিজকে। এনে এক কৰুণ ঘটনা সংঘটিত হৈছে আমেৰিকাত। আৰক্ষীয়ে ইনোক চিটিৰ পৰা একেলগে ৮টা মৃতদেহ উদ্ধাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৮জন মৃত লোকৰ মৃতদেহত গুলীৰ আঘাত পোৱা গৈছে। ইয়াৰ ভিতৰত ৩ জন প্ৰাপ্তবয়স্ক আৰু ৫ জন শিশু। পৰিয়ালৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ক অৱগত কৰা হৈছে। ঘটনাস্থলী পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে ৪২ বছৰীয়া মাইকেল হাইটে সকলোকে হত্যা কৰি আত্মহত্যা কৰা বুলি অনুমান কৰে। নিহতসকলৰ ভিতৰত তেওঁৰ পত্নী, মাতৃ আৰু ৫টা সন্তান আছে। শিশুৰ বয়স ৪ৰ পৰা ১৭ বছৰ। তিনিজনী ছোৱালী আৰু দুজন ল’ৰা।

Leave A Reply

Your email address will not be published.