Daily Time Axom

মলাইকাই এই বয়সতো কেনেকৈ যৌৱন ধৰি ৰাখিছে

0 61

অভিনেত্ৰী মালাইকা অৰোৰাই নিজৰ যৌন শক্তি বজাই ৰাখিবলৈ যথেষ্ট কষ্ট কৰে। বয়সে তেওঁক স্পৰ্শ কৰিব পৰা নাই। বিবাহ বিচ্ছেদৰ পিছত তেওঁ মুকলিকৈ ডেটিং কৰিছে নতুন প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে। তেওঁ প্ৰায়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে নিজৰ খাদ্য আৰু ব্যায়াম শ্বেয়াৰ কৰে।

তেওঁ যোগাসন কৰে,যি মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি কৰে, একে সময়তে শ্ৰোণী পেশীবোৰ সক্ৰিয় কৰি ৰাখে। এই যোগক দণ্ডয়ামান ধনুৰাসন বুলিও কোৱা হয়। ফ্ৰ’জেন কান্ধত আক্ৰান্তসকলে এই যোগাসনৰ দ্বাৰা উপকৃত হ’ব।

এই আসনত যৌন ইচ্ছাও বৃদ্ধি পায়। সুস্থ যৌন স্বাস্থ্যৰ বাবে শৰীৰৰ নমনীয়তা অতি গুৰুত্বপূৰ্ণ। সেয়েহে অভিনেত্ৰীগৰাকীয়ে দৈনন্দিন ব্যায়ামৰ ৰুটিনত ভূজংগা আসন, সূৰ্য্য নমস্কাৰ, ব্ৰীজবন্ধা সৰ্বাংগ আসন, এক পদ ৰাজকপতাসন কৰে।

এটা পদ ৰাজকপতাসনে নিতম্বক নমনীয় কৰি ৰাখে যিয়ে যৌনতাত বেছি সহায় কৰে। কেৱল এয়াই নহয়, যৌন সম্পৰ্কৰ সময়ত শৰীৰক বিভিন্ন অৱস্থাত নমনীয় কৰি ৰাখিবলৈও এই আসন গুৰুত্বপূৰ্ণ।

Leave A Reply

Your email address will not be published.