নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ দেশৰ পৰ্যটন ক্ষেত্ৰত আন এক নতুন সংযোজন। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাক সামৰিবলৈ সাজু হৈছে দেশৰ এখন উন্নতমানৰ বিলাসী জাহাজ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত শুভাৰম্ভ কৰিলে এম ভি গংগা বিলাসৰ দীঘলীয়া নদীৰ ক্ৰুজ সেৱা।৫১ দিনীয়া যাত্ৰাপথত সাঙুৰি ল’ব ভাৰত-বাংলাদেশৰ ৫০টাকৈ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী।এই বিলাসী জাহাজখনে ৩২০০ কিলোমিটাৰ বাৰানসীৰ পৰা ডিব্ৰুগড়লৈ যাতায়ত কৰিব। ‘এম ভি গংগা বিলাস’ৰ জৰিয়তে দেশৰ পবিত্ৰ গংগা নদীৰ সৈতে সংযোগ হ’ব অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ।‘এম ভি গংগা বিলাস’ৰ দৈৰ্ঘ্য হৈছে ৬২ মিটাৰ, প্ৰস্থ ১২ মিটাৰ।
আনহাতে, ‘এম ভি গংগা বিলাস’ৰ ক্ৰুজ সেৱাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বাৰাণসীত বিশ্বৰ সকলোতকৈ দীঘলীয়া নদী ক্ৰুজ সেৱা গংগা বিলাস’ হ’ব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷
Comments are closed, but trackbacks and pingbacks are open.