Daily Time Axom

ভিডিঅ’ ক’লত এগৰাকী যুৱতীৰ সন্মুখত উলংগ হৈ কোটি কোটি টকা হেৰুৱালে এজন ব্যৱসায়ীয়ে

0 41

যৌন প্ৰলোভনৰ বলি হৈ এজন ব্যৱসায়ীৰ মৃত্যু।

এগৰাকী অচিনাকি যুৱতীৰ ফান্দত পৰি তেওঁ হেৰুৱালে ডেৰ কোটিতকৈও অধিক টকা।

তেওঁ যি ফান্দত পৰিলছিল, সেইটো ধৰা পেলাবলৈ কেইবামাহো সময় লাগিল তেওঁৰ।

কিন্তু এতিয়া গোচৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তক বিচাৰিবলৈ আৰম্ভও কৰিছে।

ব্যৱসায়ীজনৰ পৰা জানিব পৰা মতে, যোৱা বছৰৰ ৮ আগষ্টত তেওঁলৈ এটা ফোন আহিছিল। ফোনটোৰ সিটো মূৰৰ এগৰাকী মহিলা কণ্ঠই নিজকে ৰিয়া শৰ্মা বুলি পৰিচয় দিয়ে।

লাহে লাহে কথা-বতৰা আগবঢ়াত যুৱতীগৰাকী তেওঁৰ লগত ঘনিষ্ঠ হৈ পৰে। তাৰ পিছতে ভিডিঅ’ কল কৰি লাইভত আহিবলৈ অফাৰ দিয়ে তেওঁক। ভিডিঅ’ কলত তেওঁ ব্যৱসায়ীজনক সকলো কাপোৰ খুলি উলংগ হ’বলৈ কয়। ব্যৱসায়ীজনে কাপোৰ খুলি দিয়াৰ লগে লগে ফোনটো বন্ধ হৈ যায় । ইয়াৰ পিছতে ছোৱালীজনীয়ে ফোন কৰি কয় যে যদি ৫০ হাজাৰ টকা নিদিয়ে তেন্তে ভিডিঅ’টো অনলাইনত প্ৰচাৰ কৰিব।

কিন্তু তেওঁ সেই চক্ৰৰ পৰা মুক্তি নাপালে।

তাৰ পিছত এজন এজনকৈ লোকে তেওঁক ফোন কল কৰি ভাবুকি দিয়ে।কেতিয়াবা দিল্লী আৰক্ষীৰ পৰিদৰ্শক হিচাপে। কেতিয়াবা বা দিল্লী আৰক্ষীৰ চাইবাৰ চেল বা চিবিআইৰ বিষয়া হৈ কল কৰে।

প্ৰথম ক্ষেত্ৰত তেওঁক ৩ লাখ টকা দাবী কৰে । তাৰপাছত ৮০ লাখ ৯৭ হাজাৰ টকা দিব লাগিব বুলি কয়। তদুপৰি ৮.৫ লাখ টকা চিবিআইক দিব লাগিব বুলিও কয়।

ব্যৱসায়ীজনে কয় যে যুৱতীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি তেওঁক কৈছিল। গতিকে বিষয়টো জটিল হৈ পৰিছে। পিছলৈ ব্লেকমেইলিঙ কৰাত ১৫ ডিচেম্বৰত শেষবাৰৰ বাবে তেওঁ ধন দিয়ে। ব্যৱসায়ীজনে দাবী কৰিছে যে তেওঁ মুঠ ২ কোটি ৬৯ লাখ টকা দিছিল।

তাৰ পিছত তেওঁক কোৱা হয় যে এই গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত নিষ্পত্তি হ’ব। তেতিয়াই তেওঁ দিল্লী আৰক্ষীৰ কাষ চাপে।
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৮৭, ১৭০, ৪৬৫, ৪২০ আৰু ১২০-বি ধাৰাত গোচৰ ৰুজু কৰে। তদন্ত আৰম্ভ হয়। কিন্তু এতিয়ালৈকে কোনো লোক গ্ৰেপ্তাৰ হোৱা নাই।

Leave A Reply

Your email address will not be published.