Daily Time Axom

উত্তৰ গুৱাহাটীত শিল্পী দিৱস উদযাপন

44

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ সুন্দৰৰ পুজাৰী ৰূপকোঁৱৰ জোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটো ৰাজ্য জুৰি শিল্পী দিবস হিচাপে উদযাপিত কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী ৰূপকোঁৱৰ জোতি প্ৰসাদ আগৰৱালাৰ ১৭ জানুৱাৰী মৃত্যুৰ দিনটো শিল্পী দিবস হিচাপে উদযাপিত হল উত্তৰ গুৱাহাটীটো । উত্তৰ গুৱাহাটী সাহিত্য সভাৰ উদ্যোগত , সাহিত্য সভাৰ কাৰ্যালয়ত দিনযোৰা কায্যসূচীৰে উদযাপিত হল শিল্পী দিবস । গীত , মাত , কবিতাৰে শিল্পীজনাৰ প্ৰতি জনোৱা হল সশ্ৰদ্ধ প্ৰণিপাত । আজিৰ এই অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক নন্দ সিং বৰকলাই আমন্ত্ৰিত বক্তাৰ ভাষণেৰে সন্মুহিত কৰে সকলোকে । আজিৰ অনুষ্ঠানত সাহিত্য সংস্কৃতিক দিশত অৰিহণা যোগোৱা কেইবাগৰাকী লোকক সম্বৰ্ধনা জনোৱা হয় ।

Comments are closed, but trackbacks and pingbacks are open.