Daily Time Axom

এগৰাকী যুৱতীয়ে জন্ম দিলে যমজ সন্তান, যাৰ পিতৃ বেলেগ বেলেগ

0 87

এগৰাকী যুৱতীয়ে জন্ম দিলে যমজ সন্তান। কিন্তু দুয়োৰে পিতৃ বেলেগ বেলেগ। অসম্ভৱ যেন লগা এই পৰিঘটনাটো ব্ৰাজিলৰ। দেশখনৰ মিনেৰিয়াছ অঞ্চলৰ এগৰাকী ১৯ বছৰীয়া যুৱতী এই ঘটনাত চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া। তেওঁৰ নাম প্ৰকাশ কৰিব বিচৰা নাছিল। তেওঁ কয় যে তেওঁ পিতৃত্ব পৰীক্ষা কৰি সন্তানকেইটাৰ পিতৃৰ পৰিচয় নিৰ্ণয় কৰিছে। যাৰ এজনক তাই সম্ভাৱ্য পিতৃ বুলি বিশ্বাস কৰিছিল, তেওঁলোকৰ এটা ইতিবাচক ৰিপৰ্ট আছিল। এই বিৰল পৰিঘটনাক হেটেৰ’পেটাৰ্নেল ছুপাৰফেকুণ্ডেচন বোলা হয়।

যুৱতীগৰাকীৰ চিকিৎসক টুলিও জৰ্জ ফ্ৰাংকোৱে কয় যে এই বিৰল পৰিঘটনাটোও সম্ভৱ, যেতিয়া একে মাতৃৰ দুটা কণী দুজন বেলেগ বেলেগ পুৰুষৰ শুক্ৰাণুৰ দ্বাৰা নিষিক্ত কৰা হয়। এই বিৰল পৰিঘটনাত একেদিনাই দুবাৰকৈ সংগমৰ সময়ত দুটা গৰ্ভধাৰণ হয়। এনে ক্ষেত্ৰত নৱজাতকে মাতৃৰ জিনীয় সামগ্ৰী কঢ়িয়াই লৈ ফুৰে। কিন্তু পৃথক প্লেচেন্টাত বৃদ্ধি পায়। লগতে চিকিৎসকে কয় যে এক লাখ ৰোগীৰ ভিতৰত এজনৰ ক্ষেত্ৰত এনে হ’ব পাৰে। তেওঁৰ মতে তেওঁ নিজেও হয়তো আৰু এনে ঘটনা আৰু দেখা নাপাব।

Leave A Reply

Your email address will not be published.