Daily Time Axom

IIT যৌধপুৰৰ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ নতুন যন্ত্ৰ আৱিষ্কাৰ

0 9

ডিজিটেল ডেস্ক: কৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতে বিভিন্ন উপায় উদ্ভাৱনৰ বাবে চেষ্টা কৰি আহিছে। সৰ্ব প্ৰথমে কৰোণাৰ ভেকচিন আৱিষ্কাৰ কৰা দেশসমুহৰ ভিতৰত ইতিমধ্যে ভাৰতৰ নামো সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ IIT যৌধপুৰৰ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াই এনে এক যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছে যিটো যন্ত্ৰই যিকোনো এটা বস্তুক কেৱল বাহিৰৰ পৰাই নহয় আনকি ভিতৰৰ পৰাও ছেনিটাইজ কৰিব পাৰিব। উল্লেখ্য যে এই যন্ত্ৰটো বিজ্ঞান বিভাগৰ ৰসায়ণ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিভাগ দুয়োটা লগ হৈ নিৰ্মাণ কৰিছে। বানিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ বিচৰা এই যন্ত্ৰটো দিল্লীৰ এটা কোম্পানীৰ সৈতে EMIU শ্বাক্ষৰ কৰিছে।কোম্পানীটোৱে অনাগত দিনত এই যন্ত্ৰটো সৰহকৈ নিৰ্মাণ কৰি বজাৰত মুকলি কৰিব।

Leave A Reply

Your email address will not be published.