Daily Time Axom

২৬ জানুৱাৰীত কোচ -ৰাজবংশী লোকসকলৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হ’বঃ বিশ্বজিৎ ৰায়

0 25

বঙাইগাঁও জিলাৰ সিদলসতীত কোচ-ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত গণ সমাবেশ। পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী কোচ-ৰাজবংশী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী। ভাৰত চৰকাৰৰ সৈতে হোৱা ক্ৰান্তিকাৰী চুক্তি মতে কমতাপুৰ ৰাজ্য কোচ-ৰাজবংশী সকলৰ প্ৰাপ্য। কেন্দ্ৰীয় চৰকাৰৰ আশ্বাসত KLO চিফ জীৱন সিংহ ভাৰতৰ ভূমিলৈ উভটি আহিছে ,এক আলোচনাৰ পৰিবেশ গঢ়ি উঠিছে এই ক্ষেত্ৰত অসম আৰু বংগৰ চৰকাৰে সহযোগিতা আগবঢ়োৱাটো নিশ্চিত বুলি আশা কৰাৰ লগতে কমতাপুৰ কি বুলি প্ৰশ্ন উত্থাপন কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ কেনেকৈ গঠন কৰিলে বুলিও সংগঠনটোৰ সভাপতি বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত প্ৰশ্ন তোলে।

ভাৰত চৰকাৰৰ লগত ঐতিহাসিক ক্ৰান্তিকাৰী চুক্তি মৰ্মে গ শ্ৰেণীৰ কমতাপুৰ ৰাজ্যৰ দাবীৰ পৰা KLO চিফ জীৱন সিংহ একবিন্দুও আঁতৰি নাহে বুলিও মন্তব্য প্ৰকাশ কৰে বিশ্বজিৎ ৰায়ে। দুই -এদিনতে KLO আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যুদ্ধবিৰতি চুক্তি সম্পাদন হ’ব আৰু তাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ আৰু KLO মাজত আলোচনা হোৱাত কোনো কাৰিকৰী বাধা নাথাকিব আৰু ২৬ জানুৱাৰী গনতন্ত্ৰ দিৱসৰ দিনটোৰ ভিতৰতে কোচ-ৰাজবংশী লোকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰন হ’ব বুলি আশাবাদী বিশ্বজিৎ ৰায়।

Leave A Reply

Your email address will not be published.