Daily Time Axom

মহানগৰীৰ হোটেলৰ কোঠাত উদ্ধাৰ ৰক্তাক্ত মহিলাৰ মৃতদেহ

35

নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ মহানগৰীৰ ফাঁচিবজাৰৰ ৰাজহংস হোটেলত অঘটন৷ হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ এগৰাকী মহিলাৰ ৰক্তাক্ত মৃতদেহ৷ ১৪ জানুৱাৰীত হোটেলখনৰ ২০৬ নম্বৰ কোঠাটো গোৱালপাৰাৰ লক্ষীপুৰৰ বাসিন্দা ফইজুদ্দিন আৰু ফইজুদ্দিনৰ পত্নী তচলিমা খাতুনে লৈছিল ৷

বিগত প্ৰায় ১০ দিন পূৰ্বৰে পৰা মহানগৰীৰ ফাঁচিবজাৰৰ ৰাজহংস হোটেলখনত একেলগে আছিল স্বামী–স্ত্ৰী৷ সোমবাৰে সন্ধিয়া হোটেললৈ স্বামী–স্ত্ৰীয়ে বাহিৰৰ পৰা অহা প্ৰত্যক্ষ কৰিছিল হোটেল কৰ্তৃপক্ষই৷ পিছে মঙলবাৰৰ দিনটোত তেওঁলোকক দেখা নাছিল হোটেল কৰ্তৃপক্ষই৷ বুধবাৰে হোটেলৰ ৰুম চাফা কৰিবলৈ পুৱা ৰুমলৈ গৈছিল হোটেলৰ চকীদাৰ৷ বাহিৰত তলা লগা অৱস্থাত থকা ৰুমটোত হোটেলৰ দ্বিতীয় চাবিৰে খুলিছিল ৰুমটো৷

ৰুমটো খুলি প্ৰত্যক্ষ কৰিছিল পকাত পৰি থকা এটা মৃতদেহ৷ পাতল কাপোৰেৰে ঢাকি ৰখা অৱস্থাত আছিল মৃতদেহটো৷ তাৰ পিছতে ফাঁচিবজাৰ আৰক্ষী, দণ্ডাধীশসহ ফৰেনছিক দলে তদন্ত অ‍্যাহত ৰাখিছে এই ঘটনাৰ।

Comments are closed, but trackbacks and pingbacks are open.