আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস।
দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ জিলাতো পালন কৰা হয় গণৰাজ্য দিৱস।
কামৰূপ জিলাৰ সদৰ আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হল দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস ।
আজিৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে।
ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে অনাগত দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য খন অধিক আগুৱাই যাব বুলি উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে মন্ত্ৰী গৰাকীয়ে। আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আদিকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।