Daily Time Axom

ধিঙত উপস্থিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা

0 33

উদূলি মুদূলি এতিয়া অনুষ্ঠানৰ বাকৰি ।হঠাৎ ধূপে-ধূনাই, ঢোলে-ডগৰে গৰজি উঠিল ধিঙৰ এখন বিদ্যালয়ৰ বাকৰি ।কাৰণ ধিং শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী প্ৰাক মূহুৰ্ত্তত হঠাৎ উপস্থিত হলহি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা। সেয়েহে ধিং শংকৰদেৱ বিদ্যা নিকেতনে আয়োজন কৰা ৰূপালী জয়ন্তী অনুষ্ঠানৰ আগদিনাই এক উখল-মাখল পৰিৱেশ । বিদ্যালয়ত উপস্থিত হৈ পৰিৱেশ দেখি উৎফুল্লিত হৈ পৰিল সাংসদ গৰাকী ।বিদ্যালয়ৰ মূখ্য তোৰণৰ পৰা ডোলে ডগৰে আদৰি জনাই উদযাপন সমিটিয়ে ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষাগুৰু সকলৰ লগতে স্থানীয় বহু লোকৰ উপস্থিতিত সম্বধৰ্ণা জনালে সাংসদগৰাকীক ।তাৰ পিছতে ছাত্ৰ ছাত্ৰী সকলৰ ভৱিয্যত সঠিক দিশৰ ওপৰত ভাষণৰ মাজেদি আগবঢ়ালে পৰামৰ্শ তাৰ পিছতে সংবাদ মাধ্যমৰ যোগেদি বিদ্যালয় খনৰ উন্নয়নৰ কাৰণে নিজা সাংসদ পূজিৰে আগবঢ়ালে ১০ লাখ টকা । মুঠৰ ওপৰত ধিং শংকৰদেৱ বিদ্যা নিকেতন ২৫বৰ্ষৰ পিছত সফলতাৰ অন্য এক দিশে ।

বটদ্ৰৱাৰ পৰা জুয়েল উদ্দিনৰ ৰিপ’ৰ্ট।

Leave A Reply

Your email address will not be published.