Daily Time Axom

উত্তৰ-পশ্চিম ইৰাণত ৫.৯ প্ৰাৱল্যৰ ভূমিকম্প, ভূমিকম্পত ৭জনৰ মৃত্যু

27

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ উত্তৰ ইৰানত ভয়ংকৰ ভূমিকম্প। ভূমিকম্পত নিহত ৭জনকৈ লোক ৷ আনহাতে, ৪৪০জনৰো অধিক লোক আহত ভূমিকম্পত৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৫.৯ ৷ দেশখনৰ উত্তৰ-পশ্চিমৰ খয় চহৰত ব্যাপক ক্ষয়-ক্ষতি হয় ৷

উত্তৰ-পশ্চিম ইৰাণৰ পশ্চিম আজাৰবাইজান প্ৰদেশৰ খোই চহৰত ভূমিকম্পটো আহিছিল। শনিবাৰে স্থানীয় সময় অনুসৰি নিশা ৯:৪৪ বজাত ভূমিকম্পটো সংঘটিত হৈছিল।

Comments are closed, but trackbacks and pingbacks are open.