Daily Time Axom

দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

0 11

ডিজিটেল ডেস্ক: সোমবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া আৰু সদস্য সকলে চহৰৰ মধ্যস্থলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান লৈ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে শুৱালকুছি আৰু তেজপুৰত আছুৰ সদস্যৰ ওপৰত চৰকাৰী বাহিনীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে।এই প্ৰতিবাদৰ সময়ত ছাত্ৰ সন্থাৰ কৰ্মী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্ত্তী দাহ কৰাৰ লগতে চৰকাৰ বিৰোধি বিভিন্ন শ্ল’গানেৰে‌ পৰিবেশ উত্তাল কৰি তোলে।

Leave A Reply

Your email address will not be published.