Daily Time Axom

পাকিস্তানত বাছ-ট্ৰাকৰ সংঘৰ্ষ, কমেও ১৭ জন লোকৰ মৃত্যু

0 34

পাকিস্তানৰ ভূগৰ্ভস্থ (টানেল) পথত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত কমেও ১৭ জন লোকৰ মৃত্যু।

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কোহাট জিলাত এখন সুৰংগত এখন বেগী ট্ৰাকে যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষত মহিলা আৰু শিশুসহ কমেও ১৭ জন লোকৰ মৃত্যু হয়। শুকুৰবাৰে পুৱা সংঘটিত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় প্ৰশাসনে আহতসকলক উদ্ধাৰ কৰি কোহাটৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাতে আহতসকলৰ চিকিৎসা চলি আছে। খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী আজম খানে এই কৰুণ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.