Daily Time Axom

কাজিৰঙাত হাতী ছাফাৰীত অঘটন, হাতী ছাফাৰীৰ সময়ত হাতীৰ পিঠিৰ পৰি আহত ৩গৰাকীকৈ পৰ্যটক

39

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ কাজিৰঙাত হাতী ছাফাৰীত অঘটন। কাজিৰঙাৰ বাগৰি বনাঞ্চলত পুৱাই সংঘটিত হৈছে এই ঘটনা। হাতী ছাফাৰীৰ সময়ত হাতীৰ পিঠিৰ পৰি সৰি পৰিল পৰ্যটক। হাতীৰ পিঠিৰ পৰা পৰি আহত হৈছে তিনিগৰাকীকৈ পৰ্যটক।

আহত সকলক উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰা হৈছে। আহত কেইগৰাকী হৈছে শ্ৰীলেখা সিংহা, শিখা সিংহা আৰু প্ৰতিমা দত্ত। হাতীৰ পিঠিৰ পৰা পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তিনিওগৰাকী পৰ্যটক।

জানিব পৰা মতে, ছাফাৰীৰ সময়ত চিট খুলি তলত পৰে পৰ্যটক তিনি গৰাকী। অৱশ্যে কাৰ ভুলৰ বাবে এই ঘটনাটো সংঘটিত হ’ল সেয়া পৰৱৰ্তি সময়তহে পোহৰলৈ আহিব।

Comments are closed, but trackbacks and pingbacks are open.