Daily Time Axom

ভুৱা এনকাউন্টাৰৰ গোচৰত দুই আৰক্ষী বিষয়াক ৭ লাখ টকা জৰিমনা মানৱ অধিকাৰ আয়োগৰ

40

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ভুৱা এনকাউণ্টাৰ কৰা দুই আৰক্ষী বিষয়াক জৰিমনা ৷ অভিজিৎ কাকতি আৰু অচ্যুৎ দত্তক ৭ লাখ টকাৰ জৰিমনা৷ অভিজিৎ কাকতি খাৰুপেটীয়া থানাৰ OC আৰু অচ্যুৎ দত্ত খাৰুপেটীয়া থানাৰ SI ৷ মানৱ অধিকাৰ আয়োগে শাস্তিৰ নিৰ্দেশ দিছে দুই বিষয়াক৷ বিষয়াদ্বয়ক ৭ লাখ টকা জৰিমনা বিহিছে আয়োগে৷

উল্লেখ্য যে, ২০২১ চনৰ ১১ আগষ্টত মহম্মদ আছা বাবু নামৰ এজনক গুলীয়াই হত্যা কৰিছিল৷ দৰঙৰ ধনশিৰি ঘাটত আৰক্ষীক গুলীয়াই পলায়নৰ চেষ্টা কৰিছিল৷ আৰক্ষীক গুলীয়াই পলাবলৈ লওঁতে আৰক্ষীৰ গুলীত মৃত্যু হয় আছা বাবুৰ৷ আছা বাবুৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মানৱ অধিকাৰ আয়োগে গোচৰ ৰুজু কৰে৷ সেই গোচৰৰ তদন্তৰ ভিত্তিত দুই বিষয়াক শাস্তিৰ নিৰ্দেশ৷

Comments are closed, but trackbacks and pingbacks are open.