Daily Time Axom

আজিৰে পৰা অসমত ৬ টা পথত আৰম্ভ হ’ব পৱন হংস হেলিকপ্টাৰ সেৱা

59

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ আজিৰ পৰা অসমত পৱন হংস হেলিকপ্টাৰ সেৱা। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা।

উল্লেখ্য যে, আৰ চি এছ উড়ান আঁচনিৰ অধীনত পৱনহংসই মুঠ ৬ টা আকাশী পথৰে বিমান চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশতো আৰম্ভ কৰা হ’ব পৱনহংসৰ হেলিকপ্টাৰ সেৱা।

Comments are closed, but trackbacks and pingbacks are open.