কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সাংসদত উত্থাপন কৰা কৃষক বাজেটৰ তীব্ৰ বিৰোধীতা কৰিছে দেশৰ বামপন্থী দলসমুহে । তেনে এক সময়তে সমগ্ৰ দেশতে নিখিল ভাৰত কৃষক সভাই আজিৰ দিনটোত দেশৰ প্ৰায়বোৰ ঠাইতে বাজেট খনৰ বিৰোধিতা কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । ৰঙিয়াটো নিখিল ভাৰত কৃষক সভা আৰু নিখিল ভাৰত কৃষি শ্ৰমিক ইউনিয়নৰ কৰ্মকৰ্তা সকলে ৰঙিয়াৰ হাইৱে চ’কৰ চৰকাৰী বাছ ষ্টেণ্ডৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে হাতে – হাতে প্লে’কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে । পিছত কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ বৰ্ষৰ বাবে উত্থাপন কৰা কৃষি বিৰোধী বাজেটৰ প্ৰতিলিপি দাহ কৰে ।